ভৱানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফনীধৰ তালুকদাৰে ভুল শপত নামাত জালিয়াতিৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ

103

ভৱানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফনীধৰ তালুকদাৰে ভুল শপত নামাত জালিয়াতিৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , আব্দুল জলিল , বৰপেটা , ১১ অক্টোবৰ : ভৱানীপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ মনোনয়ন পত্ৰত জালিয়াতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰি তৃণমূল কংগ্ৰছৰ ভৱানী পুৰ সমষ্টি কমিটিৰ সভাপতিয়ে ৪১ নং ভৱানীপুৰ বিধান সভা সমষ্টিৰ ৰিটাৰৰ্নিং বিষয়া , বজালী জিলা নিৰ্বাচনী বিষয়া আৰু মুখ্য নিৰ্বাচনী বিষয়ালৈ আজি এক লিখিত আবেদন দাখিল কৰিছে । এই আবেদনত সতি সন্তুতিৰ আয়ৰ উৎসৰ লগতে নথিভুক্ত প্ৰতিলিপি সম্পূৰ্ণ কৃষিভূমি থকা বুলি উল্লেখ কৰা হৈছে । কিন্তু হাথিনাপুৰ গাঁৱত পকী দেৱালেৰে আগুৰি থকা এডোখৰ ভূমি আছে । সেই ভূমিডোখৰ খেতিৰ বাবে ব্যৱহৃত হোৱা পৰিলক্ষিত হোৱা নাই । ২০১৬ আৰু ২০২১ চনৰ মাৰ্চ মাহত দাখিল কৰা তথ্যৰ সৈতে উপনিৰ্বাচনত দাখিল কৰা তথ্যৰ সৈতে মিল নাই । যোৱা ১৭/০৩/২০২১ তাৰিখত স্বাক্ষৰ কৰা শপতনামা মতে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(B)/৪২০/৪৬৮/৪০৬ ধাৰ মতে , BI(EO)PS case নং ০২/২০১৮ আৰু GRCase নং ৬৯২/২০১৮ কামৰূপ জিলাত গোচৰ পঞ্জীয়ন হৈ আছে । কিন্তু যোৱা ০৭/১০/২০২১ তাৰিখত শপত নামা মতে ওপৰত উল্লেখিত গোচৰৰ উপৰিও তেখেতৰ নামত NI act ত ১৩৮ ধাৰা অনুসৰি GR আৰু CR case no ২০৭৫ /২০২০ কামৰূপ জিলাত গোচৰ পঞ্জীয়ন হৈ আছে । এই তথ্যসমূহ যোৱা মাৰ্চ মাহত উল্লেখ কৰা নাই । এনেকুৱা মিছা তথ্য দাখিল কৰা ধনী প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ মনোনয়ন বাতিল কৰাৰ লগতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বজালী জিলা নিৰ্বাচনী বিষয়াৰ লগতে জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভৱানী পুৰ বিধান সভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ সভাপতিয়ে । লগতে এই সন্দৰ্ভত নিৰ্বাচনী বিষয়াক নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদনত উল্লেখ কৰা পৰিলক্ষিত হৈছে ।