মুম্বাইৰ ডান্স আইকন লৈ আমন্ত্ৰিত হৈছে গোৱালপাৰা জিলাৰ ভিতৰুৱা অঞ্চলৰ কণমানি মৌচুমী বড়ো

199
মুম্বাইৰ ডান্স আইকন লৈ আমন্ত্ৰিত হৈছে গোৱালপাৰা জিলাৰ ভিতৰুৱা অঞ্চলৰ কণমানি মৌচুমী বড়ো
দুৰ্নীতিৰ দৰ্পণ সেৱা , আব্দুৰ ৰহিম মণ্ডল , চুনাৰী , ২২ আগষ্ট : গোৱালপাৰা জিলাৰ ভিতৰুৱা অঞ্চলতো আছে প্ৰতিভা সম্পন্ন  লৰা ছোৱালী । তেনেকুৱা প্ৰতিভা সম্পন্ন এগৰাকী  কিশোৰী হল জয়ৰামকুছিৰ জগজিৎ বড়োৰ কন্যা মৌচুমী বড়ো । ১৩ বছৰ বয়সতে মৌচুমী বড়োয়ে বিভিন্ন মঞ্চত বিজয়ী হৈ সন্মান কঢ়িয়াবলৈ সক্ষম হৈছে । এনেকি অসমৰ পৰা মুম্বাই লৈ আমন্ত্ৰিত হৈছে কণমানি মৌচুমী । অসমৰ বিভিন্ন মঞ্চত নৃত্য প্ৰদৰ্শন কৰি বহু পুৰস্কাৰৰ অধিকাৰী হৈছে মৌচুমী বড়োয়ে ।  সপ্তম শ্ৰেণীৰ ছাত্ৰী গৰাকীয়ে ইতিমধ্যেই আচাম টেলেন্ট চিজন বেষ্ট মুভমেণ্ট 2019, নাছ চিজন- 1 বিজয়ী 2019, নৰ্থইষ্ট  চুপাৰ ষ্টাৰ চিজন- 2 বিজয়ী 2020, চুপাৰ টেলেন্ট হান্ট , নৰ্থ ইষ্ট,  বিজয়ী 2020, নৃত্যশ্ৰী এৱাৰ্ড, 2020/21 আদি আগশাৰীৰ প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰি বিজয়ী হৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম  হৈছে মৌচুমীয়ে । ইতিমধ্যেই মুম্বাইৰ ডান্স আইকন লৈ আমন্ত্ৰিত হৈছে । ৰাষ্ট্ৰীয় পৰ্যায়ত আমন্ত্ৰিত হোৱাত লক্ষীপুৰ  জয়ৰামকুছিৰ লোক উৎফুল্লিত হৈছে । আনহাতে , মৌচুমীৰ পিতৃ জগজিৎ বড়ো আৰু মাক অকণি বড়োয়ে কন্যাৰ সাফল্যত উৎফুল্লিত হোৱাৰ লগতে কন্যাক নৃত্য জগতত উজ্বল নক্ষত্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ বুলি কয় । ইপিনে , মৌচুমী বড়োয়েও নৃত্য জগতত আৰু আগবাঢ়ি যাব বুলি সাংবাদিকৰ আগত মন্তব্য আগবঢ়ায় ।