সাপেখাতী হুলুংমৰা গাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক তিনি অৰুনাচলী লোক

104

সাপেখাতী হুলুংমৰা গাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক তিনি অৰুনাচলী লোক

দুৰ্নীতিৰ দৰ্পণ সেৱা,নাজিৰা,নয়নমণি ফুকন,৩০ আগষ্টঃ নৱগঠিত চৰাইদেউ জিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী সাপেখাতী হুলুংমৰা গাঁৱত ব়ৃহৎ পৰিমাণৰ গাঞ্জাসহ তিনিজনকৈ অৰুনাচলী লোকক কৰা হয় । এক গোপন সূত্ৰৰ পম খেদি অসম আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া অভিযানত অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী তথা সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত কানুবাৰী অঞ্চলৰ জনিঅ ৱাংপান নামৰ অৰুনাচলী লোকজনৰ বাসগৃহৰ পৰা ১৩ কেজি ৩৫৫ গ্ৰাম গাঞ্জাসহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন লোককেইজন হৈছে জনিঅ আৰংঘম(৫৫),টিংজৱ ৱাংপান(৩২)আৰু চাল’ ৱাংপান(৫৫)। টিংজৱ ৱাংপান আৰু চাল’ ৱাংপানৰ ঘৰ চুবুৰীয়া অৰুনাচল প্ৰদেশৰ লংডিং জিলাত । আনহাতে , জনিঅ আৰংঘমৰ ঘৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী কানুবাৰীত । লোককেইজনে দীৰ্ঘদিন ধৰি অসমৰ মাজেৰে অৰুণাচল প্ৰদেশলৈ দীৰ্ঘদিন ধৰি গাঞ্জা সৰবৰাহ কৰা বুলি জানিব পৰা গৈছে । চৰাইদেউ জিলাৰ ডিএচপি অনিতা কোঁৱৰ , সাপেখাতী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ চিআৰপিএফৰ এ/১৪৯ বেটেলিয়ানৰ এছিছটেণ্ট কামাণ্ডেন্ট জগন্নাথ জেনাৰ নেতৃত্বত এই বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক হয় তিনিজন লোক ।