আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত চাইকেল যাত্ৰা, দুই যুৱকক দেৰগাঁৱত উষ্ম আদৰণি

52

আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত চাইকেল যাত্ৰা, দুই যুৱকক দেৰগাঁৱত উষ্ম আদৰণি

দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও , ২৬ ছেপ্তেম্বৰঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ , নলবাৰী চহৰ সমিতিৰ সমাজসেৱা বিভাগৰ সম্পাদক দ্বীপজ্যোতি বেজবৰুৱা আৰু কাৰ্যনিৰ্বাহক সদস্য আফতাব ৰহমানে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ জনসচেতনতা সৃষ্টিৰ বাবে সমগ্ৰ অসমতে দুহেজাৰ কিঃমিঃ চাইকেল যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছে । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জন্ম লগ্নৰ দাবী “অসমত আন্তৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন”ৰ বাস্তৱ ৰূপত কাৰ্যকৰী কৰি তুলিবলৈ দুই যুৱকে ১৪ চেপ্টেম্বৰৰ পৰা সমগ্ৰ অসমত চাইকেল যাত্ৰা আৰম্ভ কৰিছে । নলবাৰী চহৰৰ পৰা যাত্ৰা আৰম্ভ কৰি উত্তৰ অসম হৈ ২৫ ছেপ্তেম্বৰত দেৰগাঁও চহৰত উপস্থিত হোৱাৰ লগে লগে দুয়ো গৰাকী যুৱ নেতাক অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতি আৰু দেৰগাঁও আঞ্চলিক সমিতিয়ে দেৰগাঁও চাৰিআলিৰ সমীপত উষ্ম আদৰণি জনায় । এই আদৰণী অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক জিতুল ৰাজখোৱা,কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা নলিনী ৰঞ্জন বৰা,গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক নিকুঞ্জ মেধী , গোলাঘাট জিলা সমিতিৰ উপদেষ্টা মৃনাল হাজৰিকা , বিত্তীয় সম্পাদক মাধুৰ্য্য বৰা , দেৰগাঁও আঞ্চলিক সমিতিৰ ৰূপজ্যোতি শইকীয়া , দীপক বৰা আদি বিষয়ববীয়া সকল উপস্থিত থাকে ।