গোৱাত অনুষ্ঠিত হোৱা ১২ সংখ্যক ৰাষ্ট্ৰীয় থাই বক্সিঙ চেম্পিয়নশ্বিপত তিনিচুকীয়াৰ নাম উজ্জ্বল কৰিলে পাঁচ জন খেলুৱৈয়ে

129

গোৱাত অনুষ্ঠিত হোৱা ১২ সংখ্যক ৰাষ্ট্ৰীয় থাই বক্সিঙ চেম্পিয়নশ্বিপত তিনিচুকীয়াৰ নাম উজ্জ্বল কৰিলে পাঁচ জন খেলুৱৈয়ে

দুৰ্নীতিৰ দৰ্পণ সেৱা ,প্ৰেমানন্দ দাস , তিনিচুকীয়া , ২৯ চেপ্তেম্বৰঃ ২৪ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ গোৱাৰ পেডাম ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ১২ সংখ্যক ৰাষ্ট্ৰীয় থাই বক্সিঙ চেম্পিয়নশ্বিপ । এই প্ৰতিযোগিতাত সমগ্ৰ অসমৰ লগতে প্ৰশিক্ষক মনোজ শ্বাহৰ নেতৃত্বত তিনিচুকীয়াৰ পৰাও পাঁচ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । তাৰে দুই গৰাকী খেলুৱৈয়ে সোণৰ পদক আৰু তিনি গৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । গুণ গুণ যাদৱ আৰু মৃন্ময় ভৰালীয়ে সোণৰ পদক লাভ কৰাৰ লগতে ৰিজুৰাজ পাত্ৰ ,সুমন ৰাৱতী আৰু নিভাপি বৰুৱাই ব্ৰঞ্জৰ পদক লাভ কৰি তৃতীয় শ্ৰেষ্ঠ দলৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হয় । আজি হিজুগুৰি ৰেলৱে ষ্টেচনত আহি দলটো উপস্থিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ অত্যন্ত উৎফুল্লিত হোৱা পৰিলক্ষিত হয় । দলটোক ফুলাম গামোচা আৰু ফুলাম জাপিৰে আদৰি আগুৱাই আনে অভিভাৱকৰ লগতে স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজে ।