টকিঅ’ অলিম্পিকত মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ ৰবি কুমাৰ দহিয়াৰ

154

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ৪ আগষ্ট : টকিঅ’ অলিম্পিকত বুধবাৰে ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় মল্লযুদ্ধা ৰবি কুমাৰে দহিয়াই৷ ৰবি কুমাৰে কাজাখস্তানৰ নুৰইছলাম ছানায়েভক পৰাস্ত কৰি পুৰুষৰ ৫৭ কিলোগ্ৰাম ফ্ৰী ষ্টাইলৰ ফাইনেলত প্ৰৱেশ কৰে । ইয়াৰ লগতে ৰবি কুমাৰে অলিম্পিকৰ পদকৰ লাভ কৰা কেডি যাদৱ, সুশীল কুমাৰ, যোগেশ্বৰ আৰু সাক্ষী মালিকৰ পিছত পঞ্চম ভাৰতীয় মল্লযোদ্ধা হিচাপে পৰিগণিত হয় ৷ ৰবি কুমাৰে দহিয়াই বৃহস্পতিবাৰে ফাইনেলত প্ৰতিদ্বন্দিতা কৰিব ৷ ৰবি দহিয়াই ছেমি ফাইনেলৰ আৰম্ভণিত ২-১ পইন্টত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁ বিৰতিৰ পাছত কাজাখস্তানৰ নুৰইছলাম ছানায়েভক সম্পূৰ্ণৰূপে চাপত ৰাখিছিল । নুৰইছলাম ছানায়েভে বিৰতিৰ পাছত পুনৰ প্ৰত্যাৱৰ্তন কৰিছিল যদিও দহিয়াই নিজৰ জয় নিশ্চিত কৰিবলৈ সক্ষম হয় । ৰবি কুমাৰে দাহিয়া ২০১২ চনত সুশীল কুমাৰৰ পিছত মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ । আনহাতে পুৰুষৰ ফ্ৰী ষ্টাইল ৮৬ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত ভাৰতৰ মল্লযুদ্ধা দীপক পুনিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেভিদ টেইলৰৰ হাতত ১০-০ পইন্টত পৰাস্ত হয় ।