টকিঅ’ অলিম্পিকৰ ফাইনেলৰ প্রাকমুহূর্তত পাকিস্তানৰ খেলুৱৈ আর্ছাদৰ হাতত আছিল নীৰজ চোপ্রাৰ জেভলিন

57

টকিঅ’ অলিম্পিকৰ ফাইনেলৰ প্রাকমুহূর্তত পাকিস্তানৰ খেলুৱৈ আর্ছাদৰ হাতত আছিল নীৰজ চোপ্রাৰ জেভলিন

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ , ২৬ আগষ্ট : সদ্যসমাপ্ত টকিঅ’ অলিম্পিকত ভাৰতৰ নীৰজ চোপ্রাই জেভলিন থ্র’ত স্বর্ণপদক দখল কৰি ইতিহাস ৰচনা কৰিছিল ৷ নীৰজে ৮৭.৫৮ মিটাৰ দলিয়াই ঐতিহাসিক স্বর্ণপদকটো লাভ কৰিছিল ৷ কিন্তু ফাইনেলৰ প্রাকমুহূর্তত সকলো ঠিকে–ঠাকে নাছিল ভাৰতীয় জেভলিন থ্র’ৱাৰ গৰাকীৰ ৷ ফাইনেলত অংশ লোৱাৰ সময়ত নীৰজে বিচাৰি পোৱা নাছিল তেওঁৰ জেভলিন ৷ সেই সময়ত নীৰজে তেওঁৰ জেভলিন পাকিস্তানৰ আর্ছাদ নদিমৰ হাতত দেখা পাইছিল ৷ সংবাদ প্রতিষ্ঠানৰে হোৱা এক সাক্ষাৎকাৰত এই চাঞ্চল্যকৰ মন্তব্য কৰিছে নীৰজ চোপ্রাই ৷ সাক্ষাৎকাৰত ভাৰতীয় তাৰকা জেভলিন থ্র’ৱাৰ গৰাকীয়ে কয় যে , ফাইনেলত ভাগ লোৱাৰ পূর্বে মই জেভলিন বিচাৰি পোৱা নাছিলোঁ ৷ হঠাৎ মই দেখিলোঁ যে , মোৰ জেভলিন পাকিস্তানৰ আর্ছাদ নদিমে হাতত লৈ আছে ৷ লগে লগে মই আর্ছাদক ক’লোঁ যে এইডাল মোৰ জেভলিন ৷ মই এতিয়া থ্র’ কৰিবলৈ যাব লাগে ৷ অৱশ্যে আর্ছাদে লগে লগে মোক মোৰ জেভলিন ঘূৰাই দিয়ে ৷ সেয়েহে প্রথমটো প্রচেষ্টাত মই খৰখেদা কৰিবলগীয়া হৈছিলোঁ ৷ আর্ছাদক প্রশংসা কৰি নীৰজ চোপ্রাই কয় যে , কোৱালিফায়িং ৰাউণ্ডত আর্ছাদে উন্নত প্রদর্শন দাঙি ধৰিছিল ৷ ফাইনেলতো তেওঁ ভাল প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল ৷ ভৱিষ্যতে তেওঁ আন্তঃৰাষ্ট্রীয় পর্যায়ত আৰু অধিক উন্নত প্রদর্শন দাঙি ধৰিব পাৰিব ৷ পাকিস্তানৰ নাগৰিকে আর্ছাদ নদিমক সমর্থন কৰা উচিত ৷ জেভলিনৰ জৰিয়তে তেওঁ পাকিস্তানৰ নাম উজলাই তুলিছে ৷ সেয়েহে তেওঁক আগবাঢ়ি যোৱাত পাকিস্তানৰ নাগৰিকে সহযোগ কৰাটো প্রয়োজন ৷ উল্লেখ্য যে , টকিঅ’ অলিম্পিকৰ জেভলিন থ্র’ত আর্ছাদ পদক দখলৰ দাবীদাৰ আছিল যদিও ফাইনেলত তেওঁ ৮৪.৬২ মিটাৰ দলিয়াই পঞ্চম স্থান অধিকাৰ কৰে ৷