টি-২০ বিশ্বকাপঃ ২৪ অক্টোবৰত পাকিস্তানৰে মুখামুখি হ’ব ভাৰত

104

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ৪ আগষ্ট : ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বহু প্ৰতীক্ষিত টি-২০ বিশ্বকাপ। ২৪ অক্টোবৰত পাকিস্তানৰে মুখামুখি হ’ব ভাৰতৰ ক্ৰিকেট দল। এইবাৰ ডুবাই আৰু ওমানত টি-২০ বিশ্বকাপৰ খেলসমূহ অনুষ্ঠিত হ’ব । ২৪ অক্টোবৰত ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন ডুবাইত অনুষ্ঠিত হ’ব। এক বিশেষ সূত্ৰই এই কথা জানিবলৈ দিছে। যোৱা মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে টি-২০ বিশ্বকাপ আৰম্ভ হোৱাৰ দিন আৰু স্থান ঘোষণা কৰিছিল । ভাৰত আৰু পাকিস্তানক চুপাৰ ১২ৰ গ্ৰুপ ২ত ৰখা হৈছে । চলিত বৰ্ষৰ ২০ মাৰ্চলৈকে দলৰ ৰেংকিঙৰ আধাৰত বাছনি কৰা হৈছে গোটবোৰ । ডিফেণ্ডিং চেম্পিয়ন ৱেষ্ট ইণ্ডিজ, প্ৰাক্তন চেম্পিয়ন ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাক চুপাৰ ১২ৰ গ্ৰুপ ১ ত ৰখা হৈছে । গ্ৰুপ ২ত আছে প্ৰাক্তন চেম্পিয়ন ভাৰত আৰু পাকিস্তান, নিউজিলেণ্ড, আফগানিস্তান ।আঠটা দলে প্ৰথম ৰাউণ্ডত প্ৰতিদ্বন্দিতা কৰিব । এই দলকেইটাৰ ভিতৰত আছে শ্ৰীলংকা আৰু বাংলাদেশো । আয়াৰলেণ্ড, নেডাৰলেণ্ড আৰু নামিবিয়াই শ্ৰীলংকাৰ সৈতে একেটা গ্ৰুপত আছে । আনহাতে ওমান, পিএনজি আৰু স্কটলেণ্ডে গ্ৰুপ বিত বাংলাদেশৰে মুখামুখি হ’ব ।