ডিছকাছ থ্র’ত চমকপ্রদ প্রদর্শনঃ ফাইনেলত কমলপ্রীত কৌৰ

94

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ , ১ আগষ্ট : ভাৰতৰ উদীয়মান ডিছকাছ থ্র’ৱাৰ কমলপ্রীত কৌৰে টকিঅ’ অলিম্পিকৰ মহিলাৰ ডিছকাছ থ্র’ৰ ফাইনেলত প্রৱেশ কৰিছে ৷ শনিবাৰে অনুষ্ঠিত কোৱালিফিকেচন ৰাউণ্ডত ২৫ বছৰীয়া এথলীটগৰাকীয়ে ৬৪ মিটাৰ থ্র’ কৰি মেগা ইভেণ্টখনৰ ফাইনেল ৰাউণ্ডলৈ উন্নীত হৈছে ৷ টকিঅ’ অলিম্পিকৰ এথলেটিকছ ইভেণ্টৰ ফাইনেললৈ যোগ্যতা অর্জন কৰা তেওঁ হ’ল প্রথমগৰাকী খেলুৱৈ ৷ পঞ্জাবৰ ৰাষ্ট্রীয় অভিলেখ স্থাপনকাৰী কমলপ্রীত কৌৰে কালি ৬০.২৯ মিটাৰেৰে কোৱালিফিকেচন ছিৰিজ মুকলি কৰে ৷ ইয়াৰ পিছত তেওঁ ৬৩.৯৭ আৰু আৰু ৬৪ মিটাৰৰ দুটা বৃহৎ থ্র’ নিক্ষেপ কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হয় ৷ সামগ্রিকভাৱে তেওঁ আমেৰিকাৰ ভালেৰি আলমেনৰ পিছতে দ্বিতীয় স্থানত থাকে ৷ আমেৰিকাৰ ডিছকাছ থ্র’ৱাৰ গৰাকীয়ে ৬৬.৪২ মিটাৰ থ্র’ কৰে ৷ উল্লেখ্য যে , এছিয়ান গেমছ অথবা কমনৱেল্থ গেমছৰ দৰে বৃহৎ প্রতিযোগিতাত অংশ লোৱাৰ অভিজ্ঞতা নথকা কমলপ্রীত কৌৰে আনকি কোৱালিফিকেচন ৰাউণ্ডত যোৱা বাৰৰ স্বর্ণ বিজয়ী ছান্দ্রা পাৰক’ভিচকো (৬৩.৭৫ মিটাৰ) চেৰ পেলাবলৈ সক্ষম হয় ৷