দেৰগাঁও বক্সিং সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান

85

দেৰগাঁও বক্সিং সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান

দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও , ১৪ ছেপ্টেম্বৰঃ দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত নিউফিল্ডৰ বাকৰিত অনুশীলন কৰি বহু কেইজন যুৱক যুৱতীয়ে ইতিমধ্যে ভাৰতীয় সেনা বাহিনীৰ লগতে অসম চৰকাৰৰ অধীনত বিভিন্ন বিভাগত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে । ২০২১ বৰ্ষটো দেৰগাঁৱৰ তেনে কেইবাগৰাকীও প্ৰতিভাৱান খেলুৱৈয়ে অসম আৰক্ষীৰ উপ পৰিদৰ্শক আৰু ভাৰতীয় সেনাৰ পেৰাচুট ৰেজিমেন্টত নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় । এই উপলক্ষে দেৰগাঁও বক্সিং সন্থা আৰু নিউফিল্ডৰ অনুশীলন কাৰিৰ যৌথ উদ্যোগত নিউফিল্ডৰ প্ৰাংগণত ১৩ চেপ্তেম্বৰত অনুষ্ঠিত কৰা হয় বিশেষ অভিনন্দন অনুষ্ঠান । দেৰগাঁও বক্সিং সন্থাৰ সম্পাদক দিগন্ত নাথে আঁত ধৰা অনুষ্ঠানটিত অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদত সদ্য নিযুক্তি লাভ কৰা অভিনৱ দাস , অজয় দাস, জুলি দাস, অপ্ৰতিম খাউণ্ড, দিব্যজ্যোতি বৰা, কিৰন পেগু, জয়ন্ত দলে ৰূপজ্যোতি হাজৰিকা, পলাশ শইকীয়া, অনুৰাগ বৰা, ৰনোজ পেগু আৰু ভাৰতীয় সেনাৰ পেৰাচুট ৰেজিমেন্টৰ নিপুল টাউদক ফুলাম গামোচা , সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জনোৱা হয় । দেৰগাঁও বক্সিং সন্থাৰ সভাপতি পৰাগ ঠাকুৰ , দেৰগাঁও ক্ৰীড়া সন্থাৰ লঘূ ক্ৰীড়া বিভাগৰ সম্পাদক ৰাজীৱ উপাধ্যায় , স্থানীয় সচেতন নাগৰিক চুৰেন ৰাজখোৱা আদি ব্যক্তি সকল উপস্থিত থাকি এই অনুষ্ঠানৰ পৰাই ঐতিহ্যমণ্ডিত নিউফিল্ডক এখন পূৰ্ণ পৰ্যায়ৰ খেলপথাৰ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰলৈ আহ্বান জনায় ।