পেঙেৰীত ভাৰতীয় সেনা উদ্যোগত দৌৰ প্ৰতিযোগিতা

81

পেঙেৰীত ভাৰতীয় সেনা উদ্যোগত দৌৰ প্ৰতিযোগিতা

দুৰ্নীতিৰ দৰ্পণ সেৱা ,দ্বীপেন শইকীয়া , ডিগবৈ , ২৯ আগষ্টঃ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল পেঙেৰীত ভাৰতীয় সেনা বাহিনীৰ উদ্যোগত তথা পেঙেৰীৰ ৰাণাৰ্চ গ্ৰুপৰ সহযোগত এক দৌৰ প্ৰতিযোগিতা আয়োজন কৰে ৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে পেঙেৰী বৰডুমচাতো উঠি অহা যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছ , কানি, ভাংৰ আসক্তিত এচাম যুৱ প্ৰজন্মই সমাজখনক বিপথে পৰিচালিত কৰাৰ লগতে সমাজ অনৈতিক কাৰ্যকলাপত লিপ্ত হোৱাৰ হেতুকে যুৱ প্ৰজন্মৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে বিভিন্ন সমাজ হিতৈষী কৰ্যকলাপ ৰূপায়ণ কৰি আহিছে ৷ সেই উদ্দেশ্যে আজি পেঙেৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ল’ৰা আৰু ছোৱালী উভয় শাখাতে এই দৌৰ প্ৰতিযোগতা অনুষ্ঠিত কৰে ৷ উক্ত দৌৰ প্ৰতিযোগিতাখনিত ল’ৰা আৰু ছোৱালী শাখাত কেইবা শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে ৷ ল’ৰাৰ বাবে অনুষ্ঠিত কৰা দৌৰ প্ৰতিযোগিতাখনিত দহ কিঃমিঃ নিৰ্ধাৰিত কৰাৰ বিপৰীতে ছোৱালীৰ বাবে পাচঁ কিঃমিঃৰ দৌৰ প্ৰতিযোগিতা নিৰ্ধাৰিত কৰে ৷ ল’ৰাৰ শাখাত প্ৰথম স্থান দখল কৰে সঞ্জয় ভমিতে,দ্বিতীয় স্থান বিকাশ চাওতালে আৰু তৃতীয় স্থান অংকিত ছেত্ৰীয়ে স্হান দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ছোৱালী শাখাত প্ৰথম স্থান লাভ কৰে পিংকি মাঝিয়ে,দ্বিতীয় স্থান লক্ষী গচাইয়ে আৰু তৃতীয় স্থান লক্ষী ভুমিজছে । ল’ৰা শাখাত মুঠ ৩৬০ জন আৰু ছোৱালী শাখাত মুঠ ১৬০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ পেঙেৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা এই দৌৰ প্ৰতিযোগিতাত পেঙেৰীৰ ওপৰিও তিনিচুকীয়া জিলাৰ বহু সংখ্যক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে ৷ উক্ত দৌৰ প্ৰতিযোগিতাখনিত শুভ উদ্বোধন কৰে ডিগবৈৰ ১৮ নং গাৰোৱাল ৰেজিমেণ্টৰ কামাণ্ডিং অফিচাৰ কে ,এচ,এইচ জনে ৷ প্ৰতিযোগিতাৰ অন্তত পুৰস্কাৰ বিতৰণী অনুস্হানত পেঙেৰী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী টীপ্তি কোৱাৰ , গাঁওবুঢ়া লাটেশ্বৰ চেতিয়া , বিশিষ্ট সমাজসেৱক কুলদীপ শৰ্মাৰ লগতে বহু সংখ্যক লোক উপস্থিত থাকে ৷