বি চি চি আইৰ ছৈয়দ মুস্তাক আলী ট্ৰফী টী-২০ ৰ অসম দলৰ নেতৃত্বত ৰিয়ান পৰাগ

82

বি চি চি আইৰ ছৈয়দ মুস্তাক আলী ট্ৰফী টী-২০ ৰ অসম দলৰ নেতৃত্বত ৰিয়ান পৰাগ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ১১ অক্টোবৰঃ বি চি চি আইৰ ক্ৰিকেট ছিজন আৰম্ভ হ’ব । ছৈয়দ মুস্তাক আলী টি ২০ ট্ৰফীৰ জৰিয়তে বি চি চি আইৰ আগন্তুক ক্ৰিকেট ছিজন আৰম্ভ হ’ব । ৪ নৱেম্বৰৰ পৰা নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া দেশৰ আগশাৰীৰ ছৈয়দ মুস্তাক আলী টী-২০ ৰ বাবে তাৰকা অলৰাউন্ডাৰ ৰিয়ান পৰাগৰ নেতৃত্বত অসম দলটো ঘোষণা কৰে অসম ক্ৰিকেট সন্থাই । ঘোষণা কৰা অসম দলটোত আছে ৰিয়ান পৰাগ (অধিনায়ক) , পল্লৱ কুমাৰ দাস , ঋষভ দাস , ডেনিছ দাস , অমিত সিনহা, ছাহিল জৈন , আকাশ সেনগুপ্তা , ৰাজকুদ্দিন আহমেদ , ৰাহুল সিং , ৰৌচন আলম , অম্লানজ্যোতি দাস , জিতুমণি কলিতা , কুনাল শইকীয়া (উইকেটৰক্ষক),অভিষেক ঠাকুৰী (উইকেটৰক্ষক) , মুখটাৰ হুছেইন , প্ৰীতম দাস আৰু ধৰণী ৰাভা । টীম অসমৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছে টীম ইন্ডিয়াৰ প্ৰাক্তন উইকেটকীপাৰ অজয় ৰাট্ৰা , প্ৰশিক্ষক ক্ৰমে ষ্টুৱাৰ্ট বিন্নী আৰু সলিল সিনহা । দলটোৰ ট্ৰেইনাৰ ভাস্কৰ বৰা আৰু ফিজিঅ’ৰ দায়িত্বত আছে কৌস্তভ ভৰদ্বাজ । একাধিক নৱাগত খেলুৱৈৰে গঠিত অসমৰ টী-২০ দলটোক লৈ আশাবাদী ৰাজ্যৰ ক্ৰিকেট প্ৰেমী ।