মডেলিঙৰে আকাশ চুব খোজা চতিয়া সমষ্টিৰ লক্ষৰাৰ কৃতি ছেত্ৰীৰ , এম এম টি মডেল ইণ্ডিয়াৰ মিছ টপ মডেল ২০২১ ৰ লগতে বহুকেইটা ৰাষ্ট্ৰীয় পৰ্য্যায়তো বঁটা পাবলৈ সক্ষম

1109

মডেলিঙৰে আকাশ চুব খোজা চতিয়া সমষ্টিৰ লক্ষৰাৰ কৃতি ছেত্ৰীৰ , এম এম টি মডেল ইণ্ডিয়াৰ মিছ টপ মডেল ২০২১ ৰ লগতে বহুকেইটা ৰাষ্ট্ৰীয় পৰ্য্যায়তো বঁটা পাবলৈ সক্ষম

দুৰ্নীতিৰ দৰ্পণ সেৱা,জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৩ অক্টোবৰঃ এগৰাকি বিবাহিত মহিলা । মহিলা গৰাকীৰ নাম কৃতি ছেত্ৰী । শোণিতপুৰ জিলা তথা চতিয়া সমষ্টিৰ অন্তৰ্গত লক্ষৰাৰ বোৱাৰী তথা প্ৰয়াত ৱাই বি ছেত্ৰী আৰু ডিল মায়া ছেত্ৰীৰ সু-কন্যা কৃতিয়ে সৰুৰে পৰা নিজৰ কষ্টকো নেওচি মডেলিঙৰ প্ৰতি আগ্ৰহি আছিল । প্ৰতিভা সম্পন্ন মহিলা কৃতিয়ে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিভিন্ন মঞ্চত মডেলিঙ প্ৰদৰ্শন কৰি ৰাইজৰ মাজত চমক সৃষ্টি কৰি মৰম বুটলিবলৈ সক্ষম হয় । ২০১৪ চনৰ পৰা মডেলিঙৰ জগতখনত খোজ পেলোৱা কৃতি হৈছে লক্ষৰাৰ বোৱাৰী । ৩৭ বছৰীয়া কৃতিয়ে মডেলিঙৰ জৰিয়তে ৰাজস্থান জয়পুৰত অনুষ্ঠিত কৰা এম এম টি মডেল ইণ্ডিয়াৰ উদ্যোগত মিছ এণ্ড মিছেচ টপ মডেল ইণ্ডিয়া ২০২১ ৰ চিজন টুট দ্বিতীয় ৰানাৰচ আপ পাবলৈ সক্ষম হোৱাৰ লগতে বহুকেইটা ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা পাবলৈ সক্ষম হৈছে । কৃতি এগৰাকী বিবাহীত মহিলা হৈয়ো নিজৰ ঘৰৰ কামকো নেওচি এনে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হোৱাত অঞ্চলবাসীয়ে বহুত শলাগ লোৱাৰ লগতে লক্ষৰাৰ বুঢ়াগাঁৱৰ জ্যোতি সংঘৰ মহিলা সদস্যসকলে ফুলাম গামোছাৰে উস্ম আদৰণি জনায় বহু উৎসাহ যোগোৱা পৰিলক্ষিত হয় ।