মানচেষ্টাৰ ইউনাইটেডৰ শিবিৰত যোগ দিবলৈ সাজু ৰ’নাল্ডো

67

মানচেষ্টাৰ ইউনাইটেডৰ শিবিৰত যোগ দিবলৈ সাজু ৰ’নাল্ডো

ষ্টাফ ৰিপৰ্টাৰ,দুৰ্নীতিৰ দৰ্পণ, ২৮ আগষ্টঃ বিশ্ব ফুটবলৰ অন্যতম ছুপাৰষ্টাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোক পুনৰ এবাৰ ইংলিছ প্রিমিয়াৰ লীগত দেখিবলৈ পোৱা যাব ৷ পর্তুগালৰ ৩৬ বছৰীয়া তাৰকা ষ্ট্রাইকাৰ গৰাকী জুভেণ্টাছ ত্যাগ কৰি মানচেষ্টাৰ ইউনাইটেডৰ শিবিৰত যোগ দিবলৈ সাজু হৈছে ৷ মানচেষ্টাৰ ইউনাইটেডে আজি এক বিবৃতিত প্রকাশ কৰিছে যে , তেওঁলোকে ৰ’নাল্ডোক জুভেণ্টাছৰ পৰা ক্রয় কৰিবলৈ নতুন চুক্তি সম্পন্ন কৰিছে ৷ ৰ’নাল্ডোক আদৰিবলৈ মানচেষ্টাৰ ইউনাইটেড পৰিয়াল আগ্রহেৰে অপেক্ষা কৰিছে বুলিও দলটোৱে উল্লেখ কৰিছে ৷ মনকৰিবলগীয়া যে , ২০০৩ ৰ পৰা ২০০৯ লৈ ছুপাৰষ্টাৰ গৰাকীয়ে মানচেষ্টাৰ ইউনাইটেডৰ হৈ খেলি ৮ টা গুৰুত্বপূর্ণ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল ৷ মানচেষ্টাৰ ইউনাইটেডত থকাৰ সময়তে তেওঁ প্রথমবাৰৰ বাবে বিশ্বৰ শ্রেষ্ঠ খেলুৱৈৰ বঁটাও লাভ কৰিছিল ৷ মন কৰিবলগীয়া যে , জুভেণ্টাছৰ তাৰকা গৰাকীক পাবলৈ মানচেষ্টাৰ ইউনাইটেড আৰু মানচেষ্টাৰ চিটীৰ মাজত তীব্র যুঁজ চলিছিল ৷ কিন্তু শেষ মুহূর্তত মানচেষ্টাৰ চিটী দৌৰৰ পৰা আঁতৰিবলৈ বাধ্য হয় ৷ উল্লেখ্য যে , ২০০২ ৰ পৰা ধাৰাবাহিকভাৱে ক্লাব ফুটবলত দুর্দান্ত প্রদর্শনেৰে ফুটবলপ্রেমীৰ মন জয় কৰা ৰ’নাল্ডোৱে ২০০৩ ৰ পৰা ২০০৯ লৈ মানচেষ্টাৰ ইউনাইটেড, ২০০৯ ৰ পৰা ২০১৮ লৈ ৰিয়েল মাদ্রিদৰ হৈ খেলিছিল ৷ ২০১৮ ৰ পৰা বর্তমানলৈ তেওঁ ইটালীৰ আগশাৰীৰ ক্লাব জুভেণ্টাছৰ সৈতে চুক্তিবদ্ধ হৈ আছে ।