শ্রীলংকাৰ বেগী বলাৰ লাছিথ মালিংগাই এৰিলে ক্ৰিকেট

68

শ্রীলংকাৰ বেগী বলাৰ লাছিথ মালিংগাই এৰিলে ক্ৰিকেট

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ১৫ ছেপ্টেম্বৰ: শ্রীলংকাৰ তাৰকা বেগী বলাৰ লাছিথ মালিংগাক ক্রিকেটৰ পথাৰত পুনৰ খেলুৱৈৰ ৰূপত দেখিবলৈ পোৱা নাযাব ৷ ৩৮ বছৰীয়া বেগী বলাৰগৰাকীয়ে মঙলবাৰে সকলোধৰণৰ ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰে ৷ শ্রীলংকাৰ হৈ ২২৬ খন এদিনীয়া , ৮৪ খন টি–২০ আৰু ৩০ খন টেষ্ট মেচ খেলা মালিংগাই টুইটাৰত ক্রিকেটক বিদায় জনোৱাৰ কথা সদৰী কৰে ৷ উল্লেখ্য যে , ২০০৪ ৰ ১ জুলাইত শ্রীলংকাৰ তাৰকা বেগী বলাৰগৰাকীয়ে অষ্ট্রেলিয়াৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটাইছিল ৷ তীব্র বেগী য়র্কাৰৰ বাবে বিশেষভাৱে পৰিচিত মালিংগাই ২০১১ ৰ এদিনীয়া বিশ্বকাপত শ্রীলংকাই ফাইনেলত প্রৱেশত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল ৷ ২০১৪ ৰ টি–২০ বিশ্বকাপত তেওঁৰ নেতৃত্বত শ্রীলংকাই খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল ৷ টেষ্টত ১০১ টা , এদিনীয়াত ৩৩৮ টা আৰু টি–২০ ত ১০৭ টা উইকেট দখল কৰা মালিংগাই আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ কেইবাবছৰ ধৰি একেলগে খেলি দলটোৰ চমকপ্রদ সাফল্যত অন্যতম ভূমিকা গ্রহণ কৰিছিল ৷