সুনিল গাভাস্কাৰৰ আহ্বানঃ শচীনৰ শৰণাপন্ন হওক বিৰাট কোহলি

71

সুনিল গাভাস্কাৰৰ আহ্বানঃ শচীনৰ শৰণাপন্ন হওক বিৰাট কোহলি

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ২৭ আগষ্টঃ ক্রিকেটৰ ভগৱানখ্যাত মাষ্টাৰ ব্লাষ্টাৰ শচীন ৰমেশ তেণ্ডুলকাৰৰ শৰণাপন্ন হ’বলৈ বিৰাট কোহলিক আহ্বান জনাইছে সুনীল গাভাস্কাৰে ৷ ভাৰতৰ একালৰ মহান বেটছমেনগৰাকীয়ে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীৰ দুর্বল ফর্মক লৈ উদ্বিগ্ণতা প্রকাশ কৰি কয় যে , কোহলিয়ে শীঘ্রে তেণ্ডুলকাৰৰ সৈতে যোগাযোগ কৰি তেওঁৰ পৰামর্শ গ্রহণ কৰা উচিত ৷ বুধবাৰৰ পৰা আৰম্ভ হোৱা তৃতীয় টেষ্টতো দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হোৱা কোহলিক এই পৰামর্শ আগবঢ়াই গাভাস্কাৰে কয় যে , তেণ্ডুলকাৰেও দীর্ঘদিন ধৰি দুর্বল ফর্মত ভুগিছিল ৷ কিন্তু ২০০৪ ৰ ছিডনী টেষ্টত অষ্ট্রেলিয়াৰ বিৰুদ্ধে তেওঁ দুর্দান্ত বেটিঙেৰে স্বাভাৱিক ছন্দ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ ধাৰাবাহিক ব্যর্থতাৰ পিছত কিদৰে শচীনে ফর্ম উদ্ধাৰ কৰিছিল,সেয়া কোহলিয়ে জনা উচিত আৰু তাৰ পৰা টীম ইণ্ডিয়াৰ অধিনায়ক গৰাকী অনুপ্রাণিত হ’ব পাৰিব ৷ ‘কোহলিয়ে শীঘ্রে শচীনলৈ ফোন কৰা উচিত আৰু কি কৰা উচিত সুধিব লাগে ৷ শচীনে ছিডনীত কিদৰে ফর্ম উদ্ধাৰ কৰি উজলি উঠিছিল , সেয়া কোহলিয়ে সোধা উচিত৷ কোহলিয়ে নিজকে সোধা উচিত যে , তেওঁ কিয় ক’ভাৰ ড্রাইভ খেলিব পৰা নাই,এই সন্দর্ভতো তেওঁ শচীনৰ সৈতে আলোচনা কৰিব পাৰে’– গাভাস্কাৰে এইদৰে কয় ৷ উল্লেখ্য যে , ২০১৯ ৰ নৱেম্বৰতে অন্তিমটো আন্তঃৰাষ্ট্রীয় শতক অর্জন কৰা কোহলিয়ে এই পর্যন্ত ইংলেণ্ড ভ্রমণত এটাও অর্ধশতক সম্পূর্ণ কৰিব পৰা নাই আৰু তিনিখন টেষ্টত মাত্র ৬৯ ৰানহে সংগ্রহ কৰিছে ৷ বুধবাৰে তেওঁ জেমছ এণ্ডাৰছনৰ বলত টেষ্ট ক্রিকেটত সপ্তমবাৰৰ বাবে আউট হয়৷ অফ ষ্টাম্পৰ বাহিৰৰ বলত ড্রাইভ শ্বট খেলাৰ চেষ্টা চলাওঁতে তেওঁ উইকেটৰক্ষকৰ হাতত কেচ দি পেভিলিয়নমুখী হয় ৷ মন কৰিবলগীয়া যে , ২০০৩–০৪ ৰ অষ্ট্রেলিয়া ভ্রমণৰ চতুর্থখন টেষ্টত তেণ্ডুলকাৰে ক’ভাৰ ড্রাইভ খেলাৰ পৰা বিৰত থাকি অত্যন্ত সাৱধানে খেলি ২৪১ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল ৷ তেওঁৰ এই মাৰাথন ইনিংছৰ সহায়ত ভাৰতে ৭০৫ ৰানৰ স্ক’ৰ থিয় কৰাবলৈ সক্ষম হৈছিল ৷ উক্ত ইনিংছটোত শচীনে ৪৩৬ টা বলৰ সন্মুখীন হৈছিল ৷ তেণ্ডুলকাৰৰ এই স্মৰণীয় ইনিংছটোৱে কোহলিক অনুপ্রাণিত কৰিব পাৰে বুলি গাভাস্কাৰে আজি মন্তব্য আগবঢ়াইছে ৷