ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গোলাঘাটৰ সন্তান আঠগৰাকীকৈ খেলুৱৈৰ সোনৰ পদক লাভ

92

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গোলাঘাটৰ সন্তান আঠগৰাকীকৈ খেলুৱৈৰ সোনৰ পদক লাভ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , ১১ চেপ্তেম্বৰ : গোৱাৰ মাপছাৰ পেড’ম ষ্টেডিয়ামত যোৱা ৪,৫ আৰু ৬ ছেপ্টেম্বৰত অনুষ্ঠিত কিক বক্সিং খেলত অসমৰ হৈ গোলাঘাট জিলাৰ এটি দলে আঠটাকৈ সোনৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা দলটো আজি পুৱতি নিশা ফৰকাটিং জংচনত ৰে’ল উপস্থিত হোৱাৰ লগে লগে খেলুৱৈ দলটোক স্থানীয় লোক সকলে শনিবাৰে আদৰণি জনায় । সেই অনুসৰি , ৪১ বছৰ অনুৰ্ধ্বৰ পৰুষৰ শাখাত গোলাঘাট লক্ষীবাৰীৰ উত্তম বল্লভ গোস্বামী , ২৫ বছৰ অনুৰ্ধ্বৰ গোলাঘাটৰ মিলন বৰতামুলী , ২৪ বছৰৰ অনুৰ্ধ্বৰ গোলাঘাট কাছৰীহাটৰ দেৱাংগ পল্লৱ শইকীয়া , ১৬ বছৰ অনুৰ্ধ্বৰ বিশাল গুপ্তা , ১৫ বছৰ অনুৰ্ধ্বৰ ফৰকাটিঙৰ ৰঞ্জন নাথে সোনৰ পদক লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে মহিলা শাখাত ১৯ বছৰ অনুৰ্ধ্বৰ গোলাঘাট মানচী পাল , একে শাখাত ওজন ভিত্তিত ফৰকাটিঙৰ ৰিতুমনি নাথ আৰু লক্ষীবাৰী বৰজানৰ চয়নিকা দত্তই ১৮ বছৰ অনুৰ্ধ্বৰ সোনৰ পদক লাভ কৰিবলৈ সক্ষম হয় । ইফালে , সোনৰ পদক লাভ কৰা প্ৰতিজন খেলুৱৈ লৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্ন দল,সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে । আনহাতে , কিক বক্সিঙৰ দলটোৰ নেতৃত্ব দিছিল ৰাজেশ গুপ্তাই ।